নিউজ ডেস্ক– দেশজুৰি জল জীৱন মিছনে বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্রত এক বিপ্লৱৰ সূচনা কৰিছে। সেয়েহে গাঁওবাসী ৰাইজক বিশুদ্ধ খোৱা পানীৰ গুৰুত্ব আৰু ইয়াৰ উচিত পৰিচালনাৰ বিষয়ে অৱগত কৰাবলৈ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যার্থীক প্রশিক্ষণ দিয়াৰ উদ্দেশ্যেৰে আজি কামৰূপ জিলাৰ পচৰীয়াত জলদূত অনুষ্ঠানৰ অন্তর্গত জলশালা উন্মোচন কৰে জয়ন্ত মল্ল বৰুৱাই। এই অনুষ্ঠানত জলদূতসকলে স্বেচ্ছাসেৱক বাহিনী, যি পানীৰ যোগান, বিশুদ্ধতাৰ পৰীক্ষণ, অঞ্চলটোৰ বাসিন্দাক আঁচনিটোৰ বিষয়ে সজাগ কৰা আদিৰ দায়িত্ব গ্রহণ কৰে।

এই জলশালাসমূহে পানী সংৰক্ষণ, পানীৰ গুণগত মান, পানী যোগান আঁচনি, ৰাইজৰ অংশগ্রহণ আৰু নলযোগে বিশুদ্ধ পানী যোগান আঁচনি সম্পর্কে তেওঁলোকৰ জ্ঞান আদি সম্পর্কত চকু দিব। ইয়াৰ বাবে ৰাজ্যজুৰি ৭ হাজাৰতকৈ অধিক জলশালাত ২ লাখ বিদ্যার্থীক জলদূত হিচাপে দুদিনীয়া প্রশিক্ষণ দিয়া হ’ব।

লগতে, জলদূতৰ ধাৰণা অসমতে প্রথম ব্যৱহৃত হৈছে, যাক পাছত আন ৰাজ্যয়ো গ্রহণ কৰাৰ থল আছে। জনগণৰ মাজত সজাগতা আনিবলৈ আজিৰ অনুষ্ঠানত জল জীৱন মিছনৰ এটা ‘থিম ছং’ মুকলি কৰা হয় আৰু পানীৰ গুণাগুণ নিৰ্ণয় কৰিবলৈ ‘জলদূত কিট’ প্ৰদান কৰা হয়।

উল্লেখ্য যে, এনেধৰণৰ সামূহিক কার্যত জড়িত হোৱাৰ ফলত বিদ্যার্থীসকলৰ মাজত নেতৃত্বৰ গুণ বিকশিত হয়।
তেওঁ কয় যে, “মোৰ দৃঢ় বিশ্বাস, এনে ধৰণৰ প্রচেষ্টাৰ দ্বাৰা ৰাজ্যৰ প্রত্যেক গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানী পোৱাৰ যি সপোন মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখিছিল, সি সোনকালেই বাস্তৱায়িত হ’ব।”

উক্ত অনুষ্ঠানত সাংসদ কুইন ওজা, PHED -ৰ বিশেষ সচিব দিগন্ত বৰুৱা, জল জীৱন মিছনৰ এম.ডি. কৈলাশ কার্তিক, কামৰূপৰ উপায়ুক্ত কীর্তি জল্লি, PHED(পানী)-ৰ মুখ্য অভিযন্তা দিব্যজ্যোতি দুৱৰা, হেমন্ত চৌধুৰী তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
