নিউজ ডেস্ক- আজি নলবাৰী সমষ্টিৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে স্থানীয় কৃষকসকলৰ সর্বাংগীন উন্নতিৰ উদ্দেশ্যে জয়ন্ত মল্ল বৰুৱা আধাৰশিলা স্থাপন অনুস্থানত উপস্থিত থাকে। তেওঁ বিশ্ব বেংকৰ সাহায্য পুঁজিৰ অধীনত আৰু ২০২১-২২ বৰ্ষৰ কৃষি আৰু আনুষংগিক বিভাগৰ APART প্ৰকল্পৰ অনুমোদিত নলবাৰী পৌৰসভাৰ অন্তৰ্গত হাটখোলা বজাৰৰ উন্নতি আৰু আধুনিকীকৰণৰ নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপনৰ কৰে।

উল্লেখ্য যে, নির্মাণ কার্য সম্পূর্ণ হৈ উঠিবলগীয়া আৰু ছ’লাৰ ষ্ট্রিটলাইট, আৰ.চি.চি. টয়লেট, টিউবৱেল, কংক্রিট বাউণ্ডেৰি, উন্নত নিষ্কাষণ ব্যৱস্থাপনা সম্পন্ন এই আধুনিক বজাৰখনত স্থানীয় কৃষকসকলে মধ্যভোগী অবিহনে তেওঁলোকৰ কষ্টোপাৰ্জিত কৃষিজাত সামগ্ৰী বিক্রী কৰিব পাৰিব। সেইদৰে উপভোক্তাসকলে বজাৰখনত সুলভ মূল্যত তেওঁলোকে বিচৰা সামগ্রী ক্রয় কৰিব পাৰিব।

উক্ত অনুষ্ঠানত নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্রী তালুকদাৰ, নলবাৰী পৌৰসভাৰ কার্যবাহী বিষয়া চয়নিকা ঠাকুৰীয়া, লোকনিৰ্মাণ বিভাগৰ কার্যবাহী অভিযন্তা শোণিত কুমাৰ দাসৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
