নিউজ ডেস্ক- কালি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত থাকে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সাংসদ আৰু বিধায়কসকল, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED) আৰু জিলা জল আৰু স্বচ্ছতা অভিযান (DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে।

মন্ত্ৰীগৰাকীয়ে উক্ত বৈঠকত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লোৱাৰ লগতে এতিয়ালৈ সম্পূর্ণ ভাৱে ৰূপায়ন নোহোৱাকৈ ৰৈ যোৱা আঁচনি আৰু পদক্ষেপসমূহৰ পৰ্যালোচনা কৰি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে।

উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “প্রধানমন্ত্রী ডাঙৰীয়াৰ সপোনৰ জল জীৱন আঁচনি সফলভাৱে ৰূপায়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰে তিব্ৰগতিত কাম আগবঢ়াই নিছে আৰু ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতেই প্রতিদিনে ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী উপলব্ধ কৰিবলৈ আমি দায়বদ্ধ। উক্ত বিষয়ত কাউন্সিলৰ বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি সাংসদ, বিধায়ক তথা পি আন আৰ ডি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জেষ্ঠ বিষয়াৰ লগত আজি আলোচনা কৰি খুব সোনকালে কাম সমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।”

আনহাতে, মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কাৰ্বি আংলং যিহেতু এখন পাহাৰীয়া আৰু স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পৰিচালিত জিলা, তেনেক্ষেত্ৰত জিলা খনৰ প্ৰয়োজনীয়তা অনুসৰি কামবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰতো উক্ত বৈঠকত আলোচনা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply