নিউজ ডেস্ক : কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে। বৰ্তমানলৈকে কমনৱেলথ গেমছত দুটাকৈ সোণৰ পদক আহিছে ভাৰতলৈ। ভাৰতৰ হৈ মীৰাবাঈ চানুৱে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল।

মীৰাবাঈ চানুৰ পিছত ভাৰতৰ বাবে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিছে মিজোৰামৰ ১৯ বছৰীয়া জেৰেমী লালৰিনুংগাই। জেৰেমী লালৰিনুংগাই ভাৰোত্তোলনত ৭৬ কিলোগ্ৰাম ওজন শাখাত মুঠ ৩০০ কেজি ওজন দাঙি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।জেৰেমী লালৰিনুংগাই ৩০০ কেজি ওজন দাঙি ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰিছে।

লগতে পঢ়ক –  বোকাজানত ৮ কোটি টকাৰ ড্ৰাগছ জব্দ

উল্লেখ্য যে কমনৱেলথ গেমছত ভাৰতে পাঁচটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই পাঁচটা পদকত আছে দুটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক। ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰা দুয়ো গৰাকী খেলুৱৈ উত্তৰ পূৱৰ। মীৰাবাঈ চানু মণিপুৰৰ আৰু জেৰেমী লালৰিনুংগা মিজোৰামৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply