নিউজ ডেস্ক : বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে। গুজৰাটৰ ভাডগাম বিধনাসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক গৰাকীক বুধবাৰে নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিধায়ক গৰাকীৰ এক টুইটকলৈ কোকৰাঝাৰত এজন লোকে গোচৰ ৰুজু কৰিছিল।
বুধবাৰে নিশা ১১.৩০ বজাৰত অসম আৰক্ষীৰ এটা দলে গুজৰাটৰ ভাডগাম বিধনাসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰে। পালনপুৰ চাৰ্কিট হাউচৰ পৰা অসম আৰক্ষীয়ে বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আহমাদাবাদলৈ আনে। আহমাদবাদৰ পৰা অসমলৈ অনা হ’ব বিধায়ক জিগনেশ মেৱানীক।
লগতে পঢ়ক – পত্নীক হত্যা কৰি নগাঁৱত কেৰেলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল স্বামী
উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ক জিগনেশ মেৱানীৰ এক টুইটকলৈ অসমৰ কোকৰাঝাৰ জিলাত এজন লোকে গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ভিত্তিত অসম আৰক্ষীৰ এটা দল গুজৰাটত বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰে। বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুজৰাটত কংগ্ৰেছ কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।