নিউজ ডেস্ক- জিঅ’ চিনেমা এইবাৰৰ আই পি এলৰ ডিজিটেল স্ট্রীমিং পার্টনাৰ আছিল। এইবাৰ জিঅ চিনেমাই উপভোক্তাক বিনামূলীয়াকৈ আই পি এলৰ খেল চোৱাৰ সুবিধা প্ৰদান কৰিছিল।

জানিব পৰা মতে, জিঅ’ চিনেমাই  ভিৱাৰশ্বিপপৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে। গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত আই পি এলৰ ফাইনেল খেলখন একেলগে ৩.২ কোটিতকৈও অধিক লোকে জিঅ’ চিনেমাত চাইছিল। বিশ্বৰ যিকোনো লাইভ স্ট্রীমিং ইভেন্টৰ ক্ষেত্ৰত এয়া হৈছে সর্বাধিক ভিৱাৰশ্বিপ।

উল্লেখ্য যে, লাইভ ষ্টীমিং ইভেন্টৰ ক্ষেত্ৰত পূৰ্বৰ ৰেকৰ্ডো আছিল আইপি এলৰে। ২০২৩ বৰ্ষৰ আই পিএলতে গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰখন ২.৫৭ কোটি লোকে জিঅ’ চিনেমাৰ মাধ্যমত উপভোগ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply