নিউজ ডেস্ক: বৃহস্পতিবাৰে অসম চৰকাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সৈতে মিলিত হৈ বিশ্ববিদ্যালয়খনত ধৰ্মগুৰু শ্ৰীমন্ত শংকৰদেৱ নামেৰে এখন ‘আসন’ স্থাপন কৰে।

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সংস্কৃত আৰু প্ৰাচ্যবিদ্যা অধ্যয়ন প্ৰতিষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ “আসন” প্ৰতিষ্ঠাৰ বাবে গুৱাহাটীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জেএনইউৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুডী পণ্ডিতৰ উপস্থিতিত অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।

অনুষ্ঠানটোত শিক্ষা মন্ত্ৰী ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত, ৰেক্টৰ অধ্যাপক সতীশ চি গৰ্কোটি, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী বিশ্বৰঞ্জন সামাল, শ্ৰীমন্ত শংকৰ সংঘ সত্ৰ মহাসভাৰ প্ৰতিনিধি আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিৰন্তন আদৰ্শক প্ৰচাৰৰ বাবে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply