নিউজ ডেস্ক: লামডিং মহাবিদ্যালয়ত খালী হৈ থকা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা সহকাৰী প্ৰবক্তা আৰু গ্ৰন্থাগাৰিক পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে।
মুঠ পদৰ সংখ্যা – ৫টা। পদাৰ্থ বিজ্ঞানত ১টা, ৰসায়ন বিজ্ঞানত ২টা, ৰাজনীতি বিজ্ঞানত ১টা আৰু গ্ৰন্থাগাৰিকৰ ১টা।
প্ৰাৰ্থীৰ শিক্ষগত অৰ্হতা আৰু নিৰ্বাচন Govt. Office Memorandum No. AHE. 239/2021/68 dated 24-01-2022 and DHE Letter No. DHE / CE/MISC. 49/ 2021 / Pt / 5 dated 09-02-2022-ৰ কৰা হ’ব।
আগ্ৰহী প্ৰাৰ্থীসকলে যাৱতীয় নথিসহ তেওঁলোকৰ বায়’ ডাটা Principal, Lumding College, Lumding, Hojai, Assam-ৰ নামত PNB, Lumding Branch (IFSC – PUNB032100)-ত জমা হোৱাকৈ ১৫০০ টকাৰ ড্ৰাফ্ট কাটি অহা ২৭ অক্টোবৰৰ ভিতৰত Principal, Lumding College, Lumding, Hojai, Assam পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – নগদ ৩৬ লাখ টকাসহ কোকৰাঝাৰৰ ডি টি অ’ সোমেশ্বৰ মুছাহাৰীক গ্ৰেপ্তাৰ