নিউজ ডেস্ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদত নিযুক্তি সৃষ্টি হৈছে। এক বিজ্ঞাপন যোগে বিশ্ববিদ্যালয়খনৰ Centre for Biotechnology and Bioinformatics বিভাগত সহকাৰী অধ্যাপকৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ সংখ্যা এটা। অৱশ্যে এই পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Biotechnology / Biotechnology and Bioinformatics / Biochemistry / Life Sciences with Special Paper in Biochemistry-ত প্ৰথম শ্ৰেণীত স্নাতকোত্তৰ হ’ব লাগিব।

অৱশ্যে এইক্ষেত্ৰত পি এইচ ডি বা গৱেষণাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।

দৰমহা মাহে ২৫,০০০ টকা।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৩০ ছেপ্টেম্বৰত পুৱা ১০.৩০ বজাত তলৰ ঠিকনাত ৱাক-ইন-ইন্টাৰভিউৰ বাবে উপস্থিত হ’ব লাগিব-

Bhojraj Seth Conference Hall of the Vice-Chancellor’s Office, Dibrugarh University

সাক্ষাৎকাৰত বহাৰ পূৰ্বে প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰয়োজনীয় নথিপত্ৰ সহ ৫০০ টকা দি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – অসম আৰক্ষীৰ নাম লৈ সামাজিক মাধ্যমত ভূৱা বাৰ্তা প্ৰচাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply