অসম চৰকাৰৰ মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেন্টত বৰ্ড (Medical & Health Recruitment Board)-ত সৃষ্টি হোৱা কাৰিকৰী পদত নিযুক্তিৰ বাবে আৱেদন আমন্ত্ৰণ কৰা হৈছে। অৱশ্যে এই পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।

পদৰ নাম: সহকাৰী প্ৰগ্ৰেমাৰ (Assistant Programmer)

পদৰ সংখ্যা: এটা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম, দ্বাদশ আৰু স্নাতক শ্ৰেণীত ন্যূনতম ৫৫ শতাংশ নম্বৰ অধিকাৰ কৰাৰ লগতে কম্পিউটাৰ বিজ্ঞানত MCA বা BTech বা BE বা কম্পিউটাৰ বিজ্ঞানত MSc (IT) বা MSc হ’ব লাগিব।

দৰমহা: মাহে ২৫,০০০ টকা। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে বয়সৰ ক্ষেত্ৰত ৰেহাই থাকিব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২০ অক্টোবৰৰ ভিতৰত এন এইচ এমৰ বিভাগীয় ৱেবছাইট (https://nhm.assam.gov.in )-ৰ জৰিয়তে আৱেদন কৰিব পাৰে।

আৱেদন মাচুল: সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আৱেদন মাচুল ২৫০ টকা আৰু OBC/MOBC/SC/ST (P)/ST (H) প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ১৫০ টকা।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply