নিউজ ডেস্ক: অইল ইণ্ডিয়াত সৃষ্টি হোৱা Authorised Medical Attendant –ৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে অইল ইণ্ডিয়া লিমিটেডে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। অৱশ্যে এই পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব আৰু পাৰ্ট টাইম হ’ব বুলি জনোৱা হৈছে।
নিযুক্তিৰ পিছত প্ৰাৰ্থী গৰাকীয়ে অইল ইণ্ডিয়াৰ কলিকতাস্থিত কাৰ্যালয়ত কাম কৰিব লাগিব বুলি বিজ্ঞপনটোত লগতে কোৱা হয়।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা এম বি বি এছত ৫৮ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে কমেও ১০ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স ৪০ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়’ ডাটা আৰু দুখন শেহতীয়া পাচপ’ৰ্ট ছাইজ ফটোসহ অহা ২৩ ছেপ্টেম্বৰৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ আৱেদন কৰিব লাগিব।
CGM (Kolkata Office), Oil India Limited, 4 India Exchange Place, 4th Floor, ICC Building, Kolkata – 700 001.
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।