নিউজ ডেস্ক: শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা বিভিন্ন শিক্ষক পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে অসম বিশ্ববিদ্যালয়ে Electronics & Communication Engineering বিভাগত অতিথি অধ্যাপক পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

পদৰ সংখ্যা – ৪টা [ UR : 1, SC : 1, EWS : 1, ST : 1]

দৰমহা – প্ৰতিটো শ্ৰেণীৰ বাবদ ১৫০০ টকা, মাহে সৰ্বাধিক ৫০,০০০ টকা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট বিভাগত প্ৰথম শ্ৰেণীত BE/BTech/BS আৰু ME/MTech/MS বা Integrated MTech ডিগ্ৰীধাৰী হ’ব লাগিব।

অহা ১ নৱেম্বৰত অসম বিশ্ববিদ্যালয়ৰ Electronics & Communication Engineering বিভাগৰ মূৰব্বীৰ কাৰ্যালয়ত দিনৰ ১১ বজাত walk-in-interview-ৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰা হ’ব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৭অক্টোবৰৰ ভিতৰত hod.ece.aus@gmail.com-ত নিজৰ সকলো যাৱতীয় নথিসহ অসম বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত ফৰ্মেট অনুসৰি তেওঁলোকৰ আবেদন পঠিয়াব পাৰে।

লগতে পঢ়ক – প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যাত উদযাপন কৰিব দীপাৱলী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply