নিউজ ডেস্ক: তেজপুৰ এয়াৰ ফৰ্চ ষ্টেশ্যন (AFS)-ৰ ২ নং কেন্দ্ৰীয় বিদ্যালয়ত স্নাতকোত্তৰ শিক্ষক (PGT) আৰু প্ৰশিক্ষনপ্ৰাপ্ত স্নাতক শিক্ষক (TGT)-ৰ খালী হৈ থকা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
স্নাতকোত্তৰ শিক্ষকৰ বাবে থকা পদসমূহ হৈছে – ৰসায়ন বিজ্ঞান, গণিত আৰু বুৰঞ্জীৰ বিষয় শিক্ষক।
প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ বাবে থকা পদসমূহ হৈছে – গণিত আৰু সমাজ বিজ্ঞানৰ বিষয় শিক্ষক।
স্নাতকোত্তৰ শিক্ষকৰ ক্ষেত্ৰত দৰমহা মাহে ৩২,৫০০ টকাৰ বিপৰীতে প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ দৰমহা মাহে ৩১,২৫০ টকা বুলি বিভাগীয় বিজ্ঞাপন যোগে জনোৱা হয়।
বিজ্ঞাপনটোত জনোৱা মতে, অহা ৪ জুলাইত পুৱা ৮ বজাত তেজপুৰ AFS-ৰ ২ কেন্দ্ৰীয় বিদ্যালয়ত পুৱা ৮ বজাত ৱাক-ইন-ইন্টাৰ্ভিউৰ জৰিয়তে প্ৰাৰ্থীক বাছনি কৰা হ’ব।
অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে কেন্দ্ৰীয় বিদ্যালয়খনৰ ৱেবছাইটত উপলব্ধ বায়ডাটা ফৰ্মখন পূৰ কৰি যাৱতীয় নথিৰ ছেল্ফ এটেষ্টেড জেৰক্স কপি আৰু দুখন পাছপৰ্ট চাইজ ফটো ইন্টাৰ্ভিউৰ দিনা লগত নিব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা আৰু আন প্ৰয়োজনীয় তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞান চাব পাৰে।
লগতে পঢ়ক – সোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী