বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া (BSI)-ত সৃষ্টি হোৱা জুনিয়ৰ ৰিছাৰ্চ ফেলো (JRF) পদৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

পদৰ সংখ্যা – ৩৩ টা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদবিজ্ঞানত ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হʼব লাগিব।

ফেলোশ্বিপৰ পৰিমাণ – প্ৰথম দুটা বছৰত মাহে ৩১,০০০ টকা, তৃতীয় বছৰৰ পৰা মাহে ৩৫,০০০ টকা। 

প্ৰাৰ্থীৰ বয়স ২৮ বছৰৰ ভিতৰত হʼব লাগিব। অৱশ্যে SC/ST/PWD আৰু মহিলা প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ৫ বছৰৰ ৰেহাই তথা OBCs (Non-creamy layer candidates) ক্ষেত্ৰত ৩ বছৰৰ ৰেহাই থাকিব।  

নিৰ্বাচিত প্ৰাৰ্থীসকলে ইটানগৰ, শ্বিলং, গেংটক, হাওৰা, কলিকতা, আলাহাবাদ, নয়ডা, ডেহৰাদুন, যোধপুৰ, পুনে, হায়দৰাবাদ, পৰ্ট ব্লেয়াৰ, কোয়েম্বাটুৰ, ছোলান থকা বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ যিকোনো আঞ্চলিক কেন্দ্ৰ/কাৰ্যালয়ত কাম কৰিব লাগিব। 

আগ্ৰহী প্ৰাৰ্থীসকলে বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া বিভাগীয় ৱেবছাইট (www.bsijrfrecruitment.com)-ত অনলাইন আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ উক্ত বিজ্ঞাপন Employment News-ত প্ৰকাশ পোৱাৰ ৩০ দিনৰ ভিতৰত। 

আৱেদন মাচুল – ৪০০ টকা, OBC প্ৰাৰ্থীৰ বাবে ২০০ টকা আৰু SC/ST/PH প্ৰাৰ্থীৰ বাবে ১০০ টকা। প্ৰাৰ্থীসকলে Bharatkosh ৱেবছাইট (https://bharatkosh.gov.in/)-ৰ মাধ্যমেৰে মাচুল জমা দিব লাগিব। 

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – ২৫ নৱেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে তৃতীয় মাজুলী সংগীত মহোৎসৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply