গুৱাহাটী: অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰানোজ পেগুৱে মঙলবাৰে অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক নিয়মীয়া শিক্ষক পদৰ বাবে ২৮০ জনতকৈও অধিক বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে।

দিচপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত নিযুক্তিপত্ৰ বিতৰণ আৰু এদিনীয়া শৈক্ষিক কৰ্মশালা অনুষ্ঠানত ভাষণ প্ৰদান কৰি পেগুৱে কয়, “অসম চৰকাৰে যিকোনো বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়াব। কিন্তু ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰি চৰকাৰী পদত অধিষ্ঠিত লোকসকলকো পৰীক্ষা কৰা হ’ব।”

“সকলো যোগ্য প্ৰাৰ্থীয়ে কোনো উৎকোচ নিদিয়াকৈ যোগ্যতাৰ ভিত্তিত চাকৰি পাব। ৰাজ্যখনত শিক্ষাৰ পৰিস্থিতিউন্নত কৰাৰ বাবে শিক্ষাৰ্থী-শিক্ষকৰ অনুপাত নিৰীক্ষণ কৰা হ’ব আৰু এই সন্দৰ্ভত কেতবোৰ নিয়ম কাৰ্যকৰী কৰা হ’ব,” পেগুৱে লগতে কয়।

আনহাতে, নিযুক্তি পত্ৰ লাভ কৰি আনন্দ প্ৰকাশ কৰি এজন প্ৰাৰ্থীয়ে কয়, “মোৰ সদায় এগৰাকী শিক্ষক হোৱাৰ সপোন আছিল, আজি অক্ষমতা সত্ত্বেও মোৰ এই সপোন পূৰণ হৈছে।”

একে ধৰণৰ দৃষ্টিভংগীৰ প্ৰতিধ্বনি কৰি আন এজন প্ৰাৰ্থীয়ে কয়, “সমাজত সজাগতা সৃষ্টি কৰাৰ সময় আহি পৰিছে যে বিশেষভাৱে অক্ষম লোকসকল সমাজত এক অবিচ্ছেদ্য ভূমিকা পালন কৰিবলৈ যথেষ্ট শক্তিশালী।”

অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তিপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকে ৰাজ্যৰ শিক্ষাৰ মান উন্নীতকৰণত অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

লগতে পঢ়ক – গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি আত্মহত্যাৰ ঘটনা, ৬ মাহতে ৪ শতাধিক আত্মঘাটী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply