গুৱাহাটীৰ মালিগাঁও ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মালিগাঁও নেতাজী বিদ্যাপিঠ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হোৱা বহু কেইটা শিক্ষকৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

অৱশ্যে এই পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেই এক বিজ্ঞাপন যোগে সদৰী কৰে।

পদ সমূহ হৈছে –

স্নাতকোত্তৰ শিক্ষক (PGT)-ৰ ৫টা পদ, ইয়াৰে নেতাজি বিদ্যাপিঠত আছে ৩ টা পদ (বুৰঞ্জী, প্ৰাণীবিজ্ঞান, ৰাজনীতি বিজ্ঞান) আৰু ৰে’লৱে উচ্চতৰ মাধ্যমিকত ২ টা পদ (বাণিয্য, ৰাজনীতি বিজ্ঞান)।

 প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষক (TGT)-ৰ ৫টা পদ, ইয়াৰে নেতাজি বিদ্যাপিঠত আছে ৩ টা পদ (ফিজিকেল ট্ৰেইনিং ইন্সট্ৰাকটৰ বা PTI, হিন্দী, কম্পিউটাৰ বিজ্ঞান) আৰু ৰে’লৱে উচ্চতৰ মাধ্যমিকত ২ টা পদ (বিশুদ্ধ বিজ্ঞান, ফিজিকেল ট্ৰেইনিং ইন্সট্ৰাকটৰ বা PTI)।

প্ৰাথমিক শিক্ষক (ইংৰাজী মাধ্যম)-ৰ ৫ টা পদ।

দৰমহা, স্নাতকোত্তৰ শিক্ষকৰ মাহে ২৭,৫০০ টকা, প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ ২৬,২৫০ টকা আৰু প্ৰাথমিক ৰে’লৱে শিক্ষকৰ ২১,২৫০ টকা। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰমাণপত্ৰ আৰু আৱেদনপত্ৰৰ স্কেন কৰা কপি অহা ৮ ছেপ্টেম্বৰৰ ভিতৰত www.nfr.indianrailways.gov.in  আৰু https://railwayschools.nfreis.org/ -ত অনলাইন আৱেদন কৰিব লাগিব।

১০ ছেপ্টেম্বৰত পুৱা ১০ বজাৰ পৰা তলৰ ঠিকনাত ৱাক-ইন-ইন্টাৰ্ভিউৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব –

Office of the General Manger(P), Headquarter Office, N. F. Railway, Maligaon, Guwahati-11

পুৱা শিক্ষাগত অৰ্হতা আন তথ্যৰ বাবে বিতং বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – EM Exclusive: অৰুণাচলৰ সীমান্তত চীনে দ্ৰুত গতিত চলাইছে আন্তঃগাঠনিৰ নিৰ্মাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply