গুৱাহাটী: ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান Assam down town University (AdtU)-ত অহা ২৫ জুনত বাৰ্ষিক চাকৰি মেলা (Annual Job Fair) ২০২২ অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হ’বলগীয়া উক্ত মেলা ভাৰতৰ যিকোনো ঠাইৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থাকিব।

উক্ত দিনজোৰা অনুষ্ঠানটোত প্ৰায় ৪,০০০ চাকৰি সন্ধানী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে। এই প্ৰাৰ্থীসকলে Downtown hospital, Alembic Pharmaceuticals, Ampath, Just Dial, Talent Aquitance, Marico, Dabur, Sodexo আদি ৪০টাতকৈ অধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত সংস্থাপন লাভ কৰিব পাৰে।

উল্লেখযোগ্য যে যোৱা বছৰ উক্ত জব মেলাত ৫০টাতকৈ অধিক নাম থকা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল আৰু ৩,৫০০ গৰাকীতকৈ অধিক যুৱক-যুৱতীয়ে ইয়াত পঞ্জীয়ন কৰিছিল।

উক্ত জব মেলা ০-৫ বছৰৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক বিশেষভাৱে উদ্দেশ্যী অনুষ্ঠিত কৰা হয়। ইয়াত বিভিন্ন ক্ষেত্ৰ যেনে – মেনেজমেন্ট, সমাজ বিজ্ঞান, ফাৰ্মাচি, অভিযান্ত্ৰিক, নাৰ্ছিং, পাৰামেডিকেল এণ্ড ছায়েন্স ইত্যাদিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব পাৰে।

উল্লেখযোগ্য যে CMIE –ৰ তথ্য মতে যোৱা এপ্ৰিলত ভাৰতত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশলৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰত হাৰিয়ানাত নিবনুৱাৰ হাৰ সৰ্বাধিক ৩৪.৫ শতাংশ হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশত সৰ্বনিম্ন ০.২ শতাংশ। আনহাতে CMIE –ৰ তথ্য মতে অসমত এই হাৰ হৈছে ১.২ শতাংশ।

লগতে পঢ়ক – প্ৰতিবাদ আৰু বান পৰিস্থিতিৰ মাজতে আৰু ১০খন ট্ৰেইনৰ চলাচল বাতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply