নিউজ ডেস্ক: চলিত বৰ্ষৰ ১০ মে’ৰ ভিতৰত ৰাজ্যত ২০,০০০ শিক্ষকক নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে। বৃহস্পতিবাৰে সংবাদ মাধ্যমক শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে কয় যে অহা ১০ মে’ৰ ভিতৰত ২০ হেজাৰ শিক্ষকক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

‘অহা ১০ মে’ৰ ভিতৰত আমি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম যিখিনি খালী হৈ আছে,’ শিক্ষা মন্ত্ৰীয়ে কয়। উক্ত নিযুক্তি অসম চৰকাৰৰ ‘মিছন ১ লাখ’ অভিযানৰ অধীনত হ’ব বুলি মন্ত্ৰীজনে লগতে কয়।

মন্ত্ৰী পেগুৱে জনোৱা মতে আটাইবিলাক পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে বিজ্ঞাপন জাৰি কৰা হৈছে আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে নিযুক্ত প্ৰক্ৰিয়া আৰম্ভ হ’ব।

নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু স্নাতকোত্তৰ, সহকাৰী শিক্ষক আদি বিভিন্ন স্তৰত প্ৰায় ২০,০০০ পদসমূহ খালী হৈ আছে বুলি মন্ত্ৰজনে সদৰী কৰি তেওঁ কয়, ‘আমি সকলো পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছো। বৰ্তমান নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেচন চলি আছে। এইয়া সম্পূৰ্ণ হোৱাৰ পিছতে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব।’

মন্ত্ৰী ৰণোজ পেগুৱে আজি অসম চৰকাৰৰ ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত প্ৰাথমিক শাখাৰ ১৪৯ শিক্ষাখণ্ড আৰু মাধ্যমিক শাখাৰ ৩৪ খন জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্য্যালয়লৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰে।

লগতে পঢ়ক – বেডমিন্টন এচিয়া টীম চেম্পিয়নশ্বিপঃ ভাৰতৰ হাতত পৰাস্ত হংকং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply