নিউজ ডেস্ক: বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
চিকিৎসা মহাবিদ্যালয়খনে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা চিকিৎসা মহাবিদ্যালয় স্তৰৰ Viral Research Diagnostic Laboratory-ত সম্পূৰ্ণ ঠিকাভিত্তিক নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে।
পদসমূহ হৈছে –
বিজ্ঞানী – বি (চিকিৎসা) – এটা পদ।
শিক্ষাগত অৰ্হতা – MCI / DCI / VCI দ্বাৰা স্বীকৃতিপ্ৰাপ্ত MBBS / BDS / B.V.Sc. & AH ডিগ্ৰীধাৰী বা এবছৰৰ অভিজ্ঞতাসহ BDS / B. V. Sc ডিগ্ৰীধাৰী হ’ব লাগিব।
দৰমহা – মাহে ৫৬,০০০ টকা।
বয়সৰ সময়সীমা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে ১০ জুন তাৰিখে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দিনৰ ১১ বজাত walk-in-interview-ত বহিব লাগিব।
ডাটা এন্ট্ৰি অপাৰেটৰ – এটা পদ
শিক্ষাগত অৰ্হতা – প্ৰাৰ্থী স্নাতক হোৱাৰ লগতে ডাটা এন্ট্ৰিৰ জ্ঞান থাকিব লাগিব।
দৰমহা – মাহে ২০,০০০ টকা।
বয়সৰ সময়সীমা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে ৮ জুন তাৰিখে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দিনৰ ১১ বজাত walk-in-interview-ত বহিব লাগিব।
মাল্টি-টাস্কিং স্টাফ – এটা পদ
শিক্ষাগত অৰ্হতা – প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উচ্চ মাধ্যমিক বা মেট্ৰিক উত্তীৰ্ণ বা সম পৰ্য্যায়ৰ হ’ব লাগিব।
দৰমহা – মাহে ১৮,০০০ টকা।
বয়সৰ সময়সীমা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে ৮ জুনত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দিনৰ ১১ বজাত walk-in-interview-ত বহিব লাগিব।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – শিলচৰত শিশুসহ ২৬ গৰাকী ৰোহিংগীয়াক আটক