নিউজ ডেস্ক: প্ৰকাশ পালে অসম আৰক্ষীৰ ২৪৫০ টা পদৰ অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল। আজি ৰাজ্যিক পৰ্য্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ ৱেবছাইটত ফলাফল ঘোষণা কৰা হৈছে।

উল্লেখযোগ্য যে অসম আৰক্ষী আৰু অসম আৰক্ষী কমাণ্ডো বেটেলিয়নত উপ-পৰিদৰ্শক (ইউবি আৰু এবি) আৰু কনিষ্টবল (ইউবি আৰু এবি) পদত এই নিযুক্তি প্ৰদান কৰা হ’ব। ২৪৫০ টা মুঠ পদৰ ভিতৰত ৩০৬ টা উপ পৰিদৰ্শক (ইউবি), ৩২০ টা উপ পৰিদৰ্শক (এবি), ১৪২৯ টা কনিষ্টবল (এবি), ৭০৫ টা কনিষ্টবল (ইউবি) পদ আছে।

এই পদসমূহৰ ২২২০ টা পুৰুষ আৰু ট্ৰান্সজেন্দাৰে (তৃতীয় লিংগ), ১৮০ টা মহিলাই লাভ কৰাৰ বিপৰীতে আৰু নাৰ্ছিঙৰ বাবে আছে৫০ টা পদ।  

যিসকল প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ ৱেবছাইট (www.slprbassam.in)-ত গৈ পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব।

কেনেদৰে পৰীক্ষাৰ ফলাফল চাব:

অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড, অসমৰ ৱেবছাইট (www.slprbassam.in)-ত যাব।

ইয়াত গৈ Result Portal -ত ক্লিক কৰিব।

নতুন এটা টেব খোল খাব। তাত গৈ Result Link-ৰ তলত থকা ‘Link’-ত ক্লিক কৰিব।

Linkত ক্লিক কৰিলে Check your results বুলি ফলাফলৰ পৃষ্ঠাটো খোল খাব।

তাত গৈ আপোনাৰ ৰোল নম্বৰ আৰু জন্ম তাৰিখ আৰু পাছৱৰ্ড এন্টাৰ কৰি চাবমিট বুটামত ক্লিক কৰিব।

লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply