নিউজ ডেস্ক: অসম চৰকাৰৰ বৃহৎ নিযুক্তি অভিযানৰ অংশ হিচাপে অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগৰ বিভিন্ন পদত ৪,৭০০-তকৈ অধিক লোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব, শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে মঙলবাৰে কয়।
এই উপলক্ষে অহা শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ৪,৭১৭ টা পদৰ বিপৰীতে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব বুলি পেগুৱে জানিবলৈ দিয়ে।
“ইয়াৰে বেছিভাগেই হৈছে বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষকৰ পদ। শিক্ষকৰ উপৰিও খালী হৈ থকা অন্যান্য পদসমূহো পূৰণ কৰা হ’ব,” সাংবাদিকৰ আগত তেওঁ কয়।
উক্ত পদসমূহৰ ভিতৰত গ্ৰেছ মাৰ্কৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা ১,২৯৮ জন শিক্ষকৰ নামো আছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
তেওঁ জনাই যে মুঠ পদৰ ৩,৮১১ টা নিযুক্তি বিদ্যালয়ত, ৮০৩ টা উচ্চ শিক্ষাত আৰু ১০৩ টা কাৰিকৰী শিক্ষা খণ্ডত প্ৰদান কৰা হ’ব।
সংবাদমেলত শিক্ষা মন্ত্ৰী জানিবলৈ দিয়া মতে অসম চৰকাৰৰ মেগা নিযুক্তি অভিযানৰ অংশ হিচাপে অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগৰ ৪৭১৭ টা পদকে ধৰি বিভিন্ন বিভাগত মুঠ প্ৰায় ১২,০০০ পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।
লগতে পঢ়ক – দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত ওলাইছে মণ্ডলৰ চাকৰি