নিউজ ডেস্ক: শিলচৰৰ অসম বিশ্ববিদ্যালয়ত Hospitality & Tourism Management বিভাগত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। বিশ্ববিদ্যালয়খনে এক বিজ্ঞাপন যোগে বিভাগটোত ৬ মাহৰ অতিথি অধ্যাপক পদৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।
পদৰ নাম – অতিথি অধ্যাপক , পদৰ সংখ্যা – ১ টা, চাকৰিৰ ঠিকনা – শিলচৰ , অসম।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো বিষয়ত স্নাতক হোৱাৰ লগতে Business Administration / PGDM / CA / ICWA / MCom আদি বিষয়ত প্ৰথম শ্ৰেণী বা সমপৰ্যায়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰ উপৰি স্নাতকোত্তৰ মহলা সমাপ্ত কৰাৰ পিছত প্ৰাৰ্থীৰ দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।
আৱেদনৰ অন্তিম তাৰিখ – ২৩ মাৰ্চ, ২০২২ আৰু ৱাক-ইন-ইন্টাৰ্ভিউৰ তাৰিখ – ৩০ মাৰ্চ, ২০২২, সময় – দিনৰ ১১ বজাত। প্ৰতিটো ক্লাছৰ বাবদ ১,৫০০ টকা, মাহিলি সৰ্বাধিক ৫০,০০০ টকাৰ ভিতৰত হ’ব।
আগ্ৰহী প্ৰাৰ্থীসকলে dhtmaus2020@gmail.com – ত তেওঁলোকৰ আৱেদনৰ সৈতে যাৱতীয় সকলো তথ্যপাতি অহা ২৩ মাৰ্চৰ ভিতৰত ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।
ৱাক-ইন-ইন্টাৰ্ভিউৰ ঠিকনা – Office of the Head, Department of Hospitality & Tourism Management, Assam University, Silchar.
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – স্নাতকৰ নামভৰ্তিৰ বাবে নাথাকে ‘কাট অফ লিষ্ট’, অৱতীৰ্ণ হ’ব লাগিব প্ৰৱেশ পৰীক্ষাত