নিউজ ডেস্ক: শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত খালী হোৱা এটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীয়ে আভ্যন্তৰিণ আইনী পৰামৰ্শদাতা পদৰ বাবে আৱেদন কৰিব পাৰে।
অৱশ্যে উক্ত পদটো সম্পুৰ্ণ ঠিকাভিত্তিক হ’ব বুলি জনোৱা হৈছে। আৱেদনৰ অন্তিম তাৰিখ ১৩ এপ্ৰিল।
প্ৰাৰ্থী Bar Council of Indiaৰ অধীনত পঞ্জীকৃত এগৰাকী সক্ৰিয় অধিবক্ত হোৱাৰ লগতে তেওঁৰ ন্যূনতম ৫ বছৰৰ উকালতিৰ অভিজ্ঞতা থাকিব লাগিব। দৰমহা – মাহিলি ৪০,০০০ টকা। প্ৰাৰ্থীৰ বয়স ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অসম বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aus.ac.in ত ক্লিক কৰি আৱেদন পত্ৰ ডাউনলড কৰিব পাৰে। প্ৰাৰ্থীসকলে তলত দিয়া ঠিকনাত নিজৰ যাৱতীয় ডকুমেণ্টছ প্ৰেৰণ কৰিব পাৰে –
registrar@aus.ac.in
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – বজালীৰ ভৱানীপুৰ সামুহিক চিকিৎসালয়ত চিকিৎসকৰ কৰ্ম সংস্কৃতিৰ নমুনা