ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত খালী হৈ থকা ইংৰাজী অধ্যাপকৰ এটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। অৱশ্যে উক্ত নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।

এক বিজ্ঞাপন যোগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰInstitute of Engineering and Technology -ত খালী হৈ থকা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপকৰ পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ইংৰাজীত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী থকাৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ শেহতীয়া মান অনুসৰি NET / SET / SLET বা PhD থাকিব লাগিব।

দৰমহা মাহে ২৫,০০০ টকা।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৯ মে’ত পুৱা ১০.৩০ বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভোজৰাজ শ্বেথ সভাগৃহত অনুষ্ঠিত হ’ব লগীয়া ৱাক-ইন-ইন্টাৰ্ভিউত উপস্থিত থাকিব লাগিব। প্ৰাৰ্থীসকলে ইন্টাৰ্ভিউ দিব অহাৰ সময়ত বায়’ ডাটাসহ নিজৰ যাৱতীয় নথি-পত্ৰ অনাৰ লগতে সাক্ষাৎকাৰ স্থলীত ৫০০ টকা দি নাম পঞ্জীয়ন কৰিব লাগিব।

লগতে পঢ়ক – নেপালৰ নৈশ ক্লাবত মহিলা সংগীৰ সৈতে ৰাহুল গান্ধী; ভিডিঅ’ ভাইৰেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply