শিলচৰৰ National Institute of Technology (NIT)-ত সৃষ্টি হোৱা গৱেষণা সহযোগী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে প্ৰতিষ্ঠানটোৱে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগত MEITY-এ স্পনছৰ কৰা “ISHAAN: A system for Bidirectional Machine Translation between 1) English and Assamese, Bodo, Manipuri, Nepali 2) Manipuri and Hindi 3) Assamese and Bodo” প্ৰকল্পত কনিষ্ঠ গৱেষণা সহযোগী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

পদৰ সংখ্যা – ২টা।

শিক্ষাগত অৰ্হতা – কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত ME/M.Tech

দৰমহা – মাহে ৪০,০০০ টকা। প্ৰতি বছৰে বেতন ১০ শতাংশ বৃদ্ধি পাব।  

প্ৰাৰ্থীৰ বয়স ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ CV আৰু প্ৰয়োজনীয় সকলো প্ৰমাণপত্ৰ NIT শিলচৰৰ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ PI Dr. Thoudam Doren Singh-ক (doren@cse.nits.ac) ইমেইল কৰিব পাৰে। ইমেইলৰ subject line- “Application for the post of JRA under the MEITY”। আৱেদনৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াকলৈ অৰ্জুন বঁটা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply