নিউজ ডেস্ক: স্থগিত হৈ থকা অসম স্বাস্থ্য বিভাগৰ ডি এইচ এছ, ডি এম ই, ডি এইচ এছ এফ ডব্লিউ আৰু আয়ুস বিভাগৰ চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ বাবে হ’বলগীয়া লিখিত পৰীক্ষা অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব।
দেওবাৰে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে এই কথা প্ৰকাশ কৰে। লগতে তেওঁ এই কথাও সদৰী কৰে যে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ উত্তীৰ্ণসকলক অতি শীঘ্ৰই নিযুক্তি দিয়া হ’ব।
২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য বিভাগৰ উক্ত পৰীক্ষাৰ প্ৰৱেশ-পত্ৰ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে অহা ১৫ জানুৱাৰীৰ পৰা ইয়াত ক্লিক কৰি ডাউনল’ড কৰিব পাৰিব।
লগতে পঢ়ক – পাকিস্তানৰ সৈতে ৰকিবুল হুছেইনৰ কি সম্পৰ্ক? তদন্ত বিচাৰি বিধানসভা অধ্যক্ষলৈ পত্ৰ