নিউজ ডেস্ক: কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF)-ত খালী হৈ থকা ১১৪৯ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী পুৰুষ প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন জৰিয়তে CISF-এ ১১৪৯ টা কনিষ্টবল (ফায়াৰ) পদত অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। ইয়াৰে ভিতৰত অসমৰ বাবে আছে ১০৩ টা পদ।
১১৪৯ পদৰ ৪৮৯ টা পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে ১১৩ টা আৰ্থিকভাৱে পিছপৰা শ্ৰেণী, ১৬১ টা এছ চি, ১৩৭ টা এছ টি আৰু ২৪৯ টা অ’বিচি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৪ মাৰ্চৰ আৱেলি ৫ বজাৰ ভিতৰত অনলাইনত আৱেদন কৰিব লাগিব। আৱেদনৰ মাচুল ১০০ টকা।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগতে তেওঁৰ উচ্চতা ন্যূনতম ১৭০ চেঃমিঃ আৰু বুকুৰ জোখ ৮০ৰ পৰা ৮৫ চিঃমিঃ (ফুলাই দিলে ন্যূনতম ৫ চেঃমিঃ বৃদ্ধি) হ’ব লাগিব।
দৰমহা – লেভেল ৩ (২১,৭০০ টকা – ৬৯,১০০ টকা) ।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
অনলাইন আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – এখন বিশেষ ফটোঃ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ শেষ ভৰসা প্ৰধানমন্ত্ৰী মোডী