নিউজ ডেস্ক: উত্তৰ অসমৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ধেমাজি মহাবিদ্যালয়ত খালী হোৱা সহকাৰী অধ্যাপকৰ ৫ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
পদ সমূহ হৈছে – অসমীয়া বিভাগৰ অধ্যাপকৰ ১টা পদ, দৰ্শন বিভাগৰ ১টা পদ, পদাৰ্থ বিজ্ঞান বিভাগৰ ১টা পদ, প্ৰাণীবিজ্ঞান বিভাগৰ ১টা পদ আৰু ইলেক্ট্ৰনিক্স বিভাগৰ অধ্যাপকৰ ১টা পদ।
প্ৰাৰ্থীৰ বয়স ০১,০১,২০২২-ত ৩৮ বছৰৰ অধিক হ’ব নালাগিব। অৱশ্যে এছ চি/এছ টি প্ৰাৰ্থীৰ বাবে ৫ বছৰ অ’ বি চি/এম অ’ বি চি প্ৰাৰ্থীৰ বাবে ৩ বছৰ আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ১০ বছৰৰ ৰেহাই থাকিব।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি হোৱাৰ লগতে তেওঁৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (পি আৰ চি) থাকিব লাগিব, ইয়াৰ উপৰি প্ৰাৰ্থীৰ স্থানীয় ভাষাত দখল থকাটো বাঞ্চনীয়।
অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ পোৱা (২৪.০২.২০২২)ৰ ১৫ দিনৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ নিজৰ যাৱতীয় তথ্য প্ৰেৰণ কৰিব লাগিব-
Principal,
Dhemaji College,
Dhemaji-787057.
প্ৰাৰ্থীয়ে আৱেদন পত্ৰৰ সৈতে Principal, Dhemaji College, Dhemaji payable at SBI, Dhemaji Branch, IFSC- SBIN0001426 ৰ পৰা উলিয়াব পৰাকৈ ২০০০ টকাৰ এখন ডিমাণ্ড ড্ৰাফ্ট প্ৰেৰণ কৰিব লাগিব।
লগতে পঢ়ক – বকোৰ ছমৰীয়াত অগ্নিকাণ্ড,২০ লক্ষ্যাধিক সম্পত্তি ধ্বংস