গুৱাহাটী উচ্চ ন্যায়ালয়ত সৃষ্টি হোৱা কিছু পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ে চে’ফ (ৰান্ধনী) পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

পদৰ সংখ্যা – ৩টা (UR: 2, OBC / MOBC: 1)

দৰমহা – মাহে ১২,০০০-৫২,০০০ টকা। গ্ৰে’ড পে’ ৩৯০০ টকা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগতে ৰন্ধনৰ জ্ঞান আৰু দক্ষতা থাকিব লাগিব। ইয়াৰ উপৰি প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান/হোটেল ইত্যাদিত ৰন্ধনৰ অভিজ্ঞতা থাকিব লাগিব।

স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা Food Craft / culinary skill / cooking skill ইত্যাদিত ডিপ্লমা/চাৰ্টিফিকেট থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১১ অক্টোবৰৰ পৰা ২৭ অক্টোবৰৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট (https://ghconline.gov.in/)-ত গৈ অনলাইন আৱেদন কৰিব পাৰে।

ৰন্ধনৰ দক্ষতা জোখা পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ’ব।

আৱেদন মাচুল – অন্যান্য প্ৰাৰ্থীৰ বাবে ৩০০ টকা। SC / ST(P) / ST(H) প্ৰাৰ্থীৰ বাবে ১৫০ টকা। ৩ নৱেম্বৰৰ ভিতৰত প্ৰাৰ্থীসকলে আৱেদন মাচুল দাখিল কৰিব লাগিব।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply