নিউজ ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ত খালী হৈ থকা প্ৰকল্প সহকাৰীৰ এটা পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন জৰিয়তে বিশ্ববিদ্যালয়খনে ‘Development of a fluorescence resonance energy/ transfer based device for in situ detection of heavy metals in groundwater’ শীৰ্ষক এটা গৱেষণা গ্ৰাণ্টৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

আগ্ৰহী প্ৰাৰ্থীসকলে ২৮ মাৰ্চৰ ভিতৰত আৱেদন কৰিব লাগিব। দৰমহা মাহে ২০,০০০ টকা।

প্ৰাৰ্থীৰ শিক্ষাগত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে Fluorescence-based sensing technique ত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্য্যায়লৈকে তেওঁলোকৰ সকলো যাৱতীয় শিক্ষাগত নথি-পত্ৰসহ তেওঁলোকৰ বায়’ ডাটা simanta@gauhati.ac.in ত প্ৰেৰণ কৰিব লাগিব।

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – বি এছ এফৰ মৃতদেহ উদ্ধাৰ কৰা পাঁচ ব্যক্তিক জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বৰ্ধনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply