হিন্দুস্তান পেট্ৰ’লিয়াম ক’ৰপ’ৰেশ্যন লিমিটেডত খালী হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে প্ৰতিষ্ঠানটোৱে খালী হৈ থকা ২৯৪টা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

পদসমূহ হৈছে –

মেকানিকেল অভিযন্তা – ১০৩ টা পদ

শিক্ষাগত অৰ্হতা – মেকানিকেল অভিযান্ত্ৰিকত ৪ বছৰৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

ইলেক্ট্ৰিকেল অভিযন্তা – ৪২ চা পদ

শিক্ষাগত অৰ্হতা – ইলেক্ট্ৰিকেল অভিযান্ত্ৰিকত ৪ বছৰৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

ইনষ্ট্ৰুমেন্টেশ্যন অভিযন্তা – ৩০ টা পদ

শিক্ষাগত অৰ্হতা – ইনষ্ট্ৰুমেন্টেশ্যন অভিযান্ত্ৰিকত ৪ বছৰৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

চিভিল অভিযন্তা – ২৫ টা পদ

শিক্ষাগত অৰ্হতা – চিভিল অভিযান্ত্ৰিকত ৪ বছৰৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

কেমিকেল অভিযন্তা – ৭ টা পদ

শিক্ষাগত অৰ্হতা – কেমিকেল অভিযান্ত্ৰিকত ৪ বছৰৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

ইনফৰ্মেশ্যন ছিস্টেমছ বিষয়া – ৫ টা পদ

শিক্ষাগত অৰ্হতা – কম্পিউটাৰ ছায়েন্স/আই টিত ৪ বছৰৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

সুৰক্ষা বিষয়া – ১৩ টা পদ

শিক্ষাগত অৰ্হতা – মেকানিকেল /চিভিল/ ইনষ্ট্ৰুমেণ্টেচন/ ইলেক্ট্ৰিকেল/কেমিকেলত ৪ বছৰীয়া পূৰ্ণকালীন নিয়মীয়া অভিযান্ত্ৰিক ডিগ্ৰী থাকিব লাগিব।

অগ্নি আৰু সুৰক্ষা বিষয়া – ২ টা পদ

শিক্ষাগত অৰ্হতা – অগ্নি আৰু সুৰক্ষা অভিযান্ত্ৰিকত বি ই/বি টেক ডিগ্ৰীধাৰী হ’ব লাগিব।

কুৱালিটি কন্ট্ৰল বিষয়া – ২৭ টা পদ

শিক্ষাগত অৰ্হতা – ৰসায়ন বিজ্ঞানত (Analytical / Physical / Organic/Inorganic)-ত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

ব্লেণ্ডিং বিষয়া – ৫ টা পদ

শিক্ষাগত অৰ্হতা – ৰসায়ন বিজ্ঞানত (Analytical / Physical / Organic/Inorganic)-ত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

চাৰ্টাৰ্ড একাউন্টেন্ট – ১৫ টা পদ, এইচ আৰ – ৮ টা পদ, ৱেলফেয়াৰ বিষয়া (বিকাশ ৰিফাইনেৰী) – ১টা পদ, ৱেলফেয়াৰ বিষয়া (মুম্বাই ৰিফাইনেৰী) – ১টা পদ, আইন বিষয়া – ৫ টা পদ, আইন বিষয়া (এইচ আৰ) – ২টা পদ, প্ৰৱন্ধক/ জ্যেষ্ঠ প্ৰৱন্ধক (ইলেক্ট্ৰিকেল) – ৩ টা পদ।

আগ্ৰহী প্ৰাৰ্থীসকলে ২৩ জুনৰ পৰা ২২ জুলাইৰ ভিতৰত হিন্দুস্তান পেট্ৰ’লিয়াম ক’ৰ্পৰেশ্যনৰ ৱেবছাইট https://www.hindustanpetroleum.com-ত অনলাইন আৱেদন কৰিব লাগিব।

বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – বোকাখাতৰ আলামি-ৰোহিতা-ভলুকাগুৰি সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply