নিউজ ডেস্ক: ভাৰতীয় সেনা বাহিনীত সৃষ্টি হোৱা SSC-ৰ বহু কেইটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক অবিবাহিত প্ৰাৰ্থীসকলে ভাৰতীয় সেনাৰ ৱেবছাইট joinindianarmy.nic.in -ৰ জৰিয়তে অনলাইন আৱেদন কৰিব পাৰে।
প্ৰাৰ্থীসকলে অহা ৬ এপ্ৰিলৰ আৱেলি ৩ বজাৰ ভিতৰত আৱেদন কৰিব লাগিব।
কেনেকৈ আৱেদন কৰিব?
. ভাৰতীয় সেনাৰ বিভাগীয় ৱেবছাইট – joinindianarmy.nic.in ত লগ ইন কৰক।
. হোমপে’জত থকা “Officer Entry Apply/Login” ত গৈ “Registration” ত ক্লিক কৰক।
. পৰ্টেলত সকলো তথ্য দাখিল কৰি পঞ্জীয়ন কৰাৰ পিছত “Apply Online” -ত ক্লিক কৰক।
. SSC Technical Course -ৰ বিপৰীতে থকা “Apply”-ত ক্লিক কৰক।
. SSC Technical Course আৱেদনৰ পত্ৰখন পুৰণ কৰি submit buttonত ক্লিক কৰক।
প্ৰাৰ্থীৰ বয়স অহা ১ অক্টোবৰত ২০ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব।
নিযুক্তি সৃষ্টি হোৱা মুঠ ১৯১ টা পদৰ ১৭৫ টা পদ SSC (Tech) পুৰুষ, ১৪ টা পদ SSCW (Tech) মহিলা আৰু ২টা পদ ডিফেন্স বিষয়াৰ বিধৱাসকলৰ বাবে।
শিক্ষাগত অৰ্হতাকে ধৰি আন তথ্যৰ বিষয়ে বিতংভাৱে জানিবলৈ ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগত পঢ়ক – বোকাখাতৰ দ’পৰীয়া অঞ্চলত বিজ্ঞানমনস্কতাৰ অবিৰত যাত্ৰা ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ