নিউজ ডেস্ক: অসম চৰকাৰৰ মীন বিভাগত খালী হৈ থকা ৩২ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ নাম: Fishery Development Officer & Allied Cadre under Fishery Department

পদৰ সংখ্যা: ৩২ টা, ইয়াৰে ৯ টা OBC/MOBC, ২ টা SC, ২টা STP, ২ টা STH আৰু ৩ টা EWS প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

দৰমহা মাহে ৩০,০০০ টকাৰ পৰা ১,১০,০০০ টকা। গ্ৰেড পে’ ১২,৭০০ টকা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা I.C.A.R দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ পৰা B.F.Sc. ডিগ্ৰীধাৰী বা মুম্বাইৰ C.I.F.E বা I.C.A.R স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা D.F.Sc. or Master of Science (Fisheries) ডিগ্ৰীধাৰী হ’ব লাগিব।

প্ৰাৰ্থীৰ বয়স ০১/০১/২০২২-ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীয়ে APSC-ৰ নিযুক্তি ৱেবছাইটত গৈ অহা ২২ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত অনলাইন আৱেদন কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – কাজিৰঙাত বন বিভাগৰ অভিযানত উৎখাত গঁড়ৰ খড়্গৰ সৰবৰাহকাৰী চক্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply