নিউজ ডেস্ক: অসম লোক সেৱা আয়োগে (এপিএছচি) অসমৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ (FCSCA) অধীনত লিগেল মেট্ৰ’লজীৰ ১৮ জন পৰিদৰ্শকৰ নিযুক্তিৰ বাবে এক নিযুক্তি জাননী প্ৰকাশ কৰিছে।
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰে।
পদৰ নাম: Inspector of Legal Metrology
পদৰ সংখ্যা: ১৮ টা।
বিভাগৰ নাম: খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা (FCSCA) বিভাগ
দৰমহা: ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা; গ্ৰেড পে’ ৯৪০০ টকা।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পদাৰ্থ বিজ্ঞানক বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰীধাৰী বা বা অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। প্ৰাৰ্থীৰ বয়স ২১ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ’ব নালাগে।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১১ অক্টোবৰৰ ভিতৰত Assam Public Service Commission-ৰ ৱেবছাইটত গৈ অনলাইন আৱেদন কৰিব পাৰে।
অনলাইন আৱেদন পত্ৰ | ইয়াত ক্লিক কৰক |
বিতং বিজ্ঞাপন | ইয়াত ক্লিক কৰক |
বিভাগীয় ৱেবছাইট | ইয়াত ক্লিক কৰক |