নিউজ ডেস্কঃ চৰাইদেউ জিলাৰ মুখ্য ন্যায়িক ন্যায়াধীশৰ কাৰ্যালয়ত খালী হৈছে কেইবাটাও পদ।

খালী হৈ থকা পদ সমূহ হৈছে-

১.পিয়ন-৭টা পদ

২.ড্ৰাইভাৰ- ১টা

৩.চকিদাৰ-১টা

অৰ্হতাঃ

১.পিয়নৰ পদৰ বাবে নূন্যতম অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলে আবেদন কৰিব পাৰিব।

২.ড্ৰাইভাৰৰ পদৰ বাবে নূন্যতম অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ।

৩.চকিদাৰৰ পদৰ বাবে নূন্যতম অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলে আবেদন কৰিব পাৰিব।

কেনেদৰে আবেদন কৰিবঃ

১.আবেদন পত্ৰখন পূৰণ কৰোতে ”Block letter”ত ‘ক’লা’ বা ‘নীলা’ চিয়াঁহীৰে পূৰণ কৰিব।

২.আবেদন পত্ৰ খনৰ নিৰ্দ্ধাৰিত বাকচত পাছপৰ্ট আকাৰৰ এখন ফটো লগাব।

৩.আবেদনকাৰীৰ বয়স ১৮বছৰতকৈ কম আৰু ৪০ বছৰতকৈ বেছি হ’ব নালাগিব। বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়াও হৈছে-

১.ST সকলৰ ক্ষেত্ৰত ৫বছৰ অর্থাৎ ৪৫ আৰু

২.OBC/MOBC সকলৰ বাবে ৩বছৰ অর্থাৎ৪৩ লৈকে লোকসকলে আবেদন কৰিব পাৰিব।

আবেদন কৰাৰ নিয়মাৱলী সমূহঃ

১. প্ৰাৰ্থীসকলে ‘অনলাইন’ আৰু ‘অফলাইন’ দুয়োটা মাধ্যমেৰে আবেদন কৰিব পাৰিব।

আবেদন পত্ৰখন পূৰণ কৰি লগত বয়সৰ প্ৰমাণ পত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, নিয়োগ-বিনিয়োগ কেন্দ্ৰৰ পঞ্জীয়ন প্ৰমাণপত্ৰ Self-attested কৰি ই-মেইল যোগে recruitment.cjmcharaideo@gmail.com ত PDF Formatত পঠিয়াই দিব অথবা Office of the Chief Judicial Magistrate,Charaideo, Sonari, Pin Code- 785690 ডাকযোগে পঠিয়াই দিব পাৰিব। আনহাতে, চৰাইদেউ জিলাৰ মুখ্য ন্যায়িক ন্যায়াধীশৰ কাৰ্যালয়ত গৈয়ো ”Drop Box”ত ভৰাব পাৰিব। আবেদন পত্ৰখন ”Block letter”ত পূৰণ কৰিব।

২.যিসকল আবেদনকাৰীয়ে তেওঁলোকৰ আবেদন পিডিএফ ফৰ্মেটত প্ৰেৰণ কৰে তেওঁলোকক ভৱিষ্যতৰ প্ৰসংগৰ বাবে আবেদন পত্ৰৰ মূল প্ৰতিলিপি লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। চালকপদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা, জন্মৰ তাৰিখ, ড্ৰাইভিং লাইচেঞ্চ , কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ (পৰৱৰ্তী পৰ্যায়ত যেতিয়াই প্ৰযোজ্য হয়) লগত প্ৰস্তুত কৰি ৰাখিব লাগিব।

৩. প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন পত্ৰ ০৭.০৭.২১ তাৰিখৰ আগত পোৱাকৈ পঠিয়াব লাগিব। নিৰ্দ্ধাৰিত তাৰিখৰ পিছত পঠিওৱা আবেদন পত্ৰ গ্ৰহণযোগ্য নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply