বিশ্বনাথ জিলাৰ হেলেম চক্ৰ বিষয়া কাৰ্যালয়ত সৃষ্টি হোৱা খালী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে কাৰ্যালয়টোত ক্ষেত্ৰ বিষয়া (ডি এম) পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। অৱশ্যে এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।
পদৰ সংখ্যা – এটা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics, Geography, Environmental Science বা Geolog-ত স্নাতক বা যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা Civil Engineering বা Architecture-ত ডিপ্লমা থাকিব লাগিব।
ইয়াৰ উপৰি প্ৰাৰ্থীৰ Word / Excel / Power Point –ৰ ব্যৱহাৰিক জ্ঞান থাকিব লাগিব। BCA বা কম্পিউটাৰ ছায়েন্সৰ সমপৰ্যায়ৰ ডিগ্ৰী থকাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
দৰমহা মাহে ২০,০০০ টকা। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।
অহা ২৯ অক্টোবৰত দিনৰ ১০ বজাত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক walk-in-interview জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।
আগ্ৰহী প্রাৰ্থীসকলে সাক্ষাৎকাৰৰ বাবে আহোঁতে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ লগতে প্ৰয়োজনীয় সকলো নথি আৰু দুখন পাছপ’ৰ্ট ছাইজ ফটো নিজৰ সৈতে আনিব লাগিব।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – গৃহৰক্ষী জোৱানসকলৰ দৈনিক ভাট্টা ৩০০টকাৰ পৰা ৭৬৭ টকালৈ বৃদ্ধি