নিউজ ডেস্ক: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত খালী হৈ থকা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-এ Flood Shelter Technical Lead পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

পদৰ সংখ্যা এটা। অৱশ্যে এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি বিজ্ঞাপন কোৱা হৈছে।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা চিভিল ইঞ্জিনিয়াৰিঙত B.E. / B. Tech ডিগ্ৰীধাৰী হ’ব লাগিব, অৱশ্যে M.E. /  M.Tech ডিগ্ৰীধাৰী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

ইয়াৰ উপৰি প্ৰাৰ্থীৰ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ৫ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

দৰমহা মাহে ৭০,০০০ পৰা ৮০,০০০-ৰ ভিতৰত।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১০ অক্টোবৰৰ ভিতৰত যাৱতীয় নথিসহ তেওঁলোকৰ আৱেদন পত্ৰ fstechnical2022@gmail.com-ত ইমেইল কৰি পঠিয়াব লাগিব।

আগ্ৰহী প্ৰাৰ্থীয়ে বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – নামণি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন; ভাঙি পৰিল পাৱাৰ হাউচৰ ওপৰৰ বৃহৎ দেৱাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply