নিউজ ডেস্ক: ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)-ত খালী হৈ থকা বিভিন্ন পেৰামেডিকেল পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে SAI –এ ১০৪ টা Message Therapist-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।

প্ৰাৰ্থীৰ দৰমহা মাহে ৩৫,০০০ টকা।

প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে Massage Therapy-ত চাৰ্টিফিকেট ক’ৰ্চ কৰা হ’ব লাগিব। ক্ৰীড়াক্ষেত্ৰত অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

প্ৰাৰ্থীৰ বয়স অনলাইন আৱেদন জমা দিয়াৰ অন্তিম তাৰিখত ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৬ আগষ্টৰ পূৰ্বে আৱেদন ফৰ্ম ভৰ্তি কৰি প্ৰয়োজনীয় ডকুমেন্টছসহ recruitment.massagetherapist@gmail.com ই-মেইল কৰিব লাগিব।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply