নিউজ ডেস্ক: অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন প্ৰকল্প ভিত্তিক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে অসম কৃষি বিশ্ববিদ্যালয়ে জল পৰিৱেশ ব্যৱস্থাপনা বিভাগত (Department of Aquatic Environment Management) “Trial Study for Fermentation of Aquaculture Feed and its Impact on Digestibility, Feed Uptakes and Pond Environment” শীৰ্ষক এক প্ৰকল্পত গৱেষকৰ পদৰ অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।
পদৰ সংখ্যা- এটা পদ; দৰমহা- দৈনিক ৪৫০০ টকা।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Aquatic Environment Management / Fisheries Resource Management / Aquaculture –ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী
বা
মীন পালনক বিশেষ বিষয় হিচাপে লৈ প্ৰাণীবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী বা জীৱবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।
প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব।
১১ অক্টোবৰত দিনৰ ১১ বজাত ৱাক-ইন-ইন্টাৰভিউৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। সাক্ষাৎকাৰগ্ৰহণৰ ঠিকনা – College of Fisheries, Raha, Nagaon-782103
আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ সম্পূৰ্ণ CV সাক্ষাৎকাৰ গ্ৰহণৰ পূৰ্বে এই (sarada.k.bhagabati@aau.ac.in) ইমেল এড্ৰেছত প্ৰেৰণ কৰিব পাৰে। অৱশ্যে সাক্ষাৎকাৰ গ্ৰহণৰ দিনা প্ৰাৰ্থীসকলে ছেল্ফ এটেষ্ট কৰা যাৱতীয় সকলো নথি-পত্ৰ নিজৰ সৈতে আনিব লাগিব?
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – বায়ুসেনাৰ কেডেটৰ মৃতদেহ উদ্ধাৰ; ৬জন বিষয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ