গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা শিক্ষকৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে গুৱাহাটী বিশ্ববিদ্যালয়ে হিন্দী বিভাগত খালী হৈ থকা শিক্ষণ সহযোগীৰ (Teaching Associate) পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। অৱশ্যে এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।
পদৰ সংখ্যা ২টা। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৭ ছেপ্টেম্বৰত পুৱা ১০.৩০ বজাত তলৰ ঠিকনাত walk-in-interview –ৰ বাবে উপস্থিত হ’ব লাগিব –
Conference room of the Secretary, University Classes, Gauhati University Campus, Gauhati University
সাক্ষাৎকাৰৰ বাবে অহা প্ৰাৰ্থীসকলে তেওঁলোকৰ যাৱতীয় প্ৰমাণ পত্ৰ লগত আনিব লাগিব।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – মহানগৰ আৰক্ষীৰ জিম্মাত অৱদেশ যাদৱ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাধিকা ৰমণ