সাহিত্য অকাডেমীত খালী হৈ থকা এটা ৱেব ডেভেলপাৰৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা এক বিজ্ঞাপনত উল্লেখ কৰা মতে, প্ৰাৰ্থী গৰাকীয়ে সাহিত্য অকাডেমীৰ ৱেবছাইট ডিজাইন কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বুক ৰেপাৰ, ব্ৰ’চাৰ আৰু নিমন্ত্ৰণ পত্ৰ আদি ডিজাইন কৰিব লাগিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচনত স্নাতক ডিগ্ৰী থকাৰ লগতে ৩ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ ইংৰাজী আৰু হিন্দী ভাষাৰ ভাল জ্ঞান থকা জৰুৰী।

দৰমহা মাহে ৩০-ৰ পৰা ৪০ হাজাৰৰ ভিতৰত হ’ব।

অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৮ জুলাইৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ আৱেদন কৰিব লাগিব –

Secretary, Sahitya Akademi, Rabindra Bhavan, 35, Ferozeshah Road, New Delhi-110001 

লগতে পঢ়ক – আৰম্ভ হ’ল গুৱাহাটী ক্ৰীড়া সন্থাৰ বি আৰু চি ডিভিজন ফুটবল লীগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply