গুৱাহাটীস্থিত Institute Of Advanced Study in Science and Technology (IASST)-ত খালী হৈ থকা বিভিন্ন কাৰিকৰী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে প্ৰতিষ্ঠানটোৱে জনোৱা মতে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৫ জুলাইৰ ভিতৰত তেওঁলোকৰ ৱেবছাইট https://iasst.gov.in/-ত অনলাইন যোগে আৱেদন কৰিব পাৰে। অৱশ্যে এই নিযুক্তি সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ’ব।
পদ – Scientific and Technical Assistant, এটা পদ।
শিক্ষাগত অৰ্হতা –
১. লাইফ ছায়েন্সত ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।
২. যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ আৰু পি এইচ ডি লাভ কৰাৰ পিছত ৪ বছৰৰ গৱেষণাৰ অভিজ্ঞতা।
দৰমহা – স্নাতকোত্তৰ আৰু ৪ বছৰৰ গৱেষণা অভিজ্ঞতা/পি এইচ ডি জমা দিয়া প্ৰাৰ্থীৰ বাবে মাহে ৩৫,০০০ টকা।
পি এইচ ডি থকা প্ৰাৰ্থীৰ বাবে মাহে ৪০,০০০ টকা।
বয়সৰ ঊৰ্ধ্বসীমা – ৪০ বছৰ।
বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – ১৬ খন গাড়ীৰে বানাক্ৰান্ত ৰাইজলৈ প্রদেশ কংগ্ৰেছৰ সাহায্য সামগ্রী প্ৰেৰণ