নিউজ ডেস্ক: ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডত খালী হৈ থকা বিভিন্ন কাৰিকৰী পদৰ বাবে আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে অসমত প্ৰজেক্ট ইঞ্জিনিয়াৰ-I পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

পদৰ নাম: প্ৰকল্প অভিযন্তা-I

পদৰ সংখ্যা: ২টা

অৰ্হতা: ইলেক্ট্ৰনিকছ / ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন, ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন / কমিউনিকেচন / ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিকছ / কম্পিউটাৰ বিজ্ঞান / তথ্য প্ৰযুক্তি / তথ্য বিজ্ঞানত BE/BTech/BSc। 

কৰ্ম অভিজ্ঞতা: ০১.০৬.২০২২ তাৰিখলৈকে নূন্যতম ২ বছৰ

দৰমহা: প্ৰথম বছৰত মাহিলি দৰমহা ৪০,০০০ টকা, দ্বিতীয় বছৰত মাহিলি ৪৫,০০০ টকা, তৃতীয় বছৰত মাহিলি ৫০,০০০ টকা আৰু চতুৰ্থ বছৰত মাহিলি ৫৫,০০০ টকা।

বয়সৰ ঊৰ্ধ্বসীমা: ২০২২ চনৰ ১ জুনত ৩২ বছৰত হ’ব লাগিব।আৱেদনৰ অন্তিম তাৰিখ ৬ জুলাই। আগ্ৰহী প্ৰাৰ্থীসকলে তলৰ ঠিকনাত যাৱতীয় নথিসহ তেওঁলোকৰ আৱেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে –  

Deputy General Manager (MR,MS&ADSN), Bharat Electronics Ltd, Jalahalli post, Bengaluru – 560013

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ বিজেপিক লাগিব কিমানজন বিধায়ক?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply