কাজিৰঙা বিশ্ববিদ্যালয়ত বিভিন্ন প্ৰশাসনীয় পদত সৃষ্টি হোৱা নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
বিশ্ববিদ্যালয়খনৰ ল’ৰা হোষ্টেলৰ Deputy Warden পদৰ বাবে স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। পদৰ সংখ্যা এটা।
দৰমহা মাহে ৩০,০০০ৰ পৰা ৩৫,০০০ টকা। প্ৰাৰ্থীৰ বয়স ৪০ৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।
একেদৰে ছোৱালী হোষ্টেলৰ Deputy Warden পদৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। পদৰ সংখ্যা এটা।
প্ৰাৰ্থীৰ বয়স ৪০ৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব। দৰমহা মাহে ২০,০০০ৰ পৰা ২৫,০০০ টকা।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১০ আগষ্টৰ ভিতৰত hr@kazirangauniversity.in –ত ইমেইল কৰি নিজৰ CV প্ৰেৰণ কৰিব পাৰে।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – বন সংৰক্ষণ নিয়মাৱলীৰ বিৰোধিতাত গুৱাহাটীত ৰাজ্যিক পৰ্যালোচনা সভা