নিউজ ডেস্কঃ অইল ইণ্ডিয়া লিমিটেডত গ্ৰে’ড চি আৰু গ্ৰে’ড ডি পদত খালী হৈ থকা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
গ্ৰে’ড চিত খালী হৈ আছে মুঠ ৫ পদ। ইয়াৰে Manager (ERP-HR) ১টা, Superintending Engineer (Environment) ১টা, Superintending Medical Officer (Radiology) ১টা আৰু Superintending Medical Officer (Paediatrics) ১টা পদ খালী হৈ আছে।
গ্ৰে’ড চিৰ পদসমূহৰ ক্ষেত্ৰত দৰমহা মাহিলি ৮০,০০০ টকাৰ পৰা ২,২০,০০০ টকা।
আনহাতে, গ্ৰ’ড বিত খালী হৈ আছে মুঠ ৫০ টা পদ। ইয়াৰে Senior Medical Officer ১ টা পদ, Senior Security Officer ১ টা পদ, Senior Officer (Civil) ২ টা পদ, Senior Officer (Electrical) ৮টা পদ, Senior Officer (Instrumentation) ৬ টা পদ, Senior Officer (Mechanical) ২০ টা পদ, Senior Officer (Public Affairs) ৪ টা পদ, Senior Accounts Officer/Senior Internal Auditor ৫ টা পদ আৰু Senior Officer (HR) ১৩টা পদ খালী হৈ আছে।
দৰমহা মাহিলি ৬০,০০০ টকাৰ পৰা ১,৮০,০০০ টকা।
আৱেদনৰ অন্তিম তাৰিখ ১৫ মাৰ্চ ২০২২। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব লাগিব।
আগ্ৰহী প্রাৰ্থীসকলে শিক্ষাগত অৰ্হতা তথা আন যাৱতীয় তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – চৰাইদেউত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত বাসগৃহ