তেজপুৰ বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা গৱেষণা সহায়কৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে তেজপুৰ বিশ্ববিদ্যালয়ে শিক্ষা বিভাগৰ ড০ হিতেশ শৰ্মাৰ অধীনত ICSSR-ৰ পৃষ্ঠপোষকতাত “National Cadets Corps as an Open elective Credit Course in the Universities within the Framework of NEP 2020” শীৰ্ষক প্ৰকল্পত গৱেষণা সহায়ক পদৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।
পদৰ সংখ্যা – এটা। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা সমাজ বিজ্ঞান বিভাগত কমেও ৫৫ শতাংশ নম্বৰসহ Ph.D. /M. Phil / স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।
ফেল’শ্বিপৰ পৰিমাণ মাহে ১৬,০০০ টকা। প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ কম হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে প্ৰকল্প সঞ্চালক ড০ হিতেশ শৰ্মাক অহা ১০ নৱেম্বৰৰ ভিতৰত hitesh@tezu.ac.in-ত ইমেইল কৰি তেওঁলোকৰ CV প্ৰেৰণ কৰিব পাৰে।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।