কেন্দ্ৰীয় লোকসেৱা আয়োগত সৃষ্টি হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে UPSC-ৰ অধীনত Technical Advisor, Assistant Director, Assistant Stores Officer, Reader, Senior Lecturer-ৰ মুঠ ১৬ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে।
পদৰ নাম – Technical Advisor (Boiler), Department for Promotion of Industry and Internal Trade, Ministry of Commerce and Industry
পদৰ সংখ্যা – এটা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
বয়সৰ সময়সীমা – ৫০ বছৰ
পদৰ নাম – Assistant Director (Hindi Typewriting and Hindi Stenography) in Central Hindi Training Institute, Department of Official Language, Ministry of Home Affairs
পদৰ সংখ্যা – ১১টা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দীত স্নাতক ডিগ্ৰীধাৰী বা হিন্দীক এটা বাধ্যতামূলক বিষয় হিচাপে লৈ স্নাতক উত্তীৰ্ণ হ’ব লাগিব। নতুনবা ১০+২ পৰ্যায়ত হিন্দী এটা বাধ্যতামূলক বিষয় হিচাপে থকাৰ লগতে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
বয়সৰ সময়সীমা – ৩৫ বছৰ
পদৰ নাম – Assistant Stores Officer in Indian Bureau of Mines, Ministry of Mines
পদৰ সংখ্যা – ১টা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বা বাণিজ্য বা পৰিসংখ্যা বা বিজনেছ ষ্টাডিছ বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব। বা, অৰ্থনীতি বা বাণিজ্য বা পৰিসংখ্যা বা বিজনেছ ষ্টাডিছ বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনক এটা বিষয় হিচাপে লৈ স্নাতক উত্তীৰ্ণ হ’ব লাগিব।
বয়সৰ সময়সীমা – ৩০ বছৰ
পদৰ নাম – Reader (Textile Processing) in Indian Institutes of Handloom Technology, Office of the Development Commissioner for Handlooms, Ministry of Textiles
পদৰ সংখ্যা – ১টা পদ
শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা Textile Processing বা Textile Chemistry-ত স্নাতক ডিগ্ৰীধাৰী বা B.E/B.Tech হ’ব লাগিব।
বয়সৰ সময়সীমা – ৪০ বছৰ
পদৰ নাম – Senior Lecturer (Orthopaedics) in Government Medical College & Hospital, Department of Medical Education & Research, Chandigarh Administration
পদৰ সংখ্যা – ১টা পদ
শিক্ষাগত অৰ্হতা – এম বি বি এছ ডিগ্ৰীধাৰীৰ লগতে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় অথবা প্ৰতিষ্ঠানৰ পৰা Orthopaedics-ত এম এছ ডিগ্ৰীধাৰী হ’ব লাগিব।
বয়সৰ সময়সীমা – ৫০ বছৰ
পদৰ নাম – Senior Lecturer (Radiodiagnosis) in Government Medical College & Hospital, Department of Medical Education & Research, Chandigarh Administration
পদৰ সংখ্যা – ১টা পদ
শিক্ষাগত অৰ্হতা – এম বি বি এছ ডিগ্ৰীধাৰীৰ লগতে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় অথবা প্ৰতিষ্ঠানৰ পৰা M.D.(Radiodiagnosis)/ M.D.( Radiology) / MS (Radiology) হ’ব লাগিব।
বয়সৰ সময়সীমা – ৫০ বছৰ
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১১ আগষ্টৰ ভিতৰত http://www.upsconline.nic.in-ত গৈ অনলাইন আৱেদন কৰিব পাৰে।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – শীঘ্ৰে অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিব বহু হিতাধিকাৰীৰ! চাওক কি ক’লে মুখ্য মন্ত্ৰীয়ে..