তেজপুৰ বিশ্ববিদ্যালয়ত Junior Research Fellow (JRF)-ৰ এটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে বিশ্ববিদ্যালয়খনৰ Chemical Sciences বিভাগৰ সহযোগী অধ্যাপক ড০ উৎপল বৰাৰ অধীনত “Design of organic nitrile surrogates for the synthesis of aliphatic/aromatic/heteroaromatic nitriles: A reliable gateway to Azaheterocycles” শীৰ্ষক এক প্ৰকল্পত Junior Research Fellow (JRF) পদৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞানত ৫৫ শতাংশ নম্বৰ বা সমপৰ্যায়ৰ CGPA থকাৰ লগতে NET/GATE উত্তীৰ্ণ হ’ব লাগিব।

প্ৰাৰ্থীৰ বয়স ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ বাবে ভাৰত চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই থাকিব।

নিৰ্বাচিত প্ৰাৰ্থীয়ে মাহে ৩১,০০০ টকাৰ ফেল’শ্বিপ লাভ কৰিব। 

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ২৪ নৱেম্বৰৰ ভিতৰত ড০ উৎপল বৰাৰক (ubora@tezu.ernet.in বা utpal06@gmail.com) তেওঁলোকৰ CV আৰু যাৱতীয় সকলো প্ৰমাণপত্ৰসহ নিৰ্ধাৰিত ফৰমেটত তেওঁলোকৰ আৱেদন পত্ৰ জমা দিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – মঙলদৈ নিৰ্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply