IIT গুৱাহাটীৰ Research & Development শাখাত খালী হোৱা Office Assistant (Project Mode)-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ সংখ্যা – এটা

দৰমহা – ১৯,৫০০ টকা + ১৬% HRA।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য বা তেনে বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

প্ৰাৰ্থীৰ Office management-ত দুবছৰ কাম কৰাৰ অভিজ্ঞতা থকাতো বাধ্যতামূলক। তদুপৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নিয়মসমূহৰ সৈতে পৰিচিত হোৱাৰ লগতে finance & accounts অভিজ্ঞতা থাকিব লাগিব, লগতে Tally ছফ্টৱেৰৰ সহায়ত ডাটা এন্ট্ৰিৰ জ্ঞান থকাটো বাঞ্চনিয়।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২ আগষ্টৰ দিনৰ ১০.৩০ বজাত অনুষ্ঠিত হ’ব লগীয়া walk-in-interview-ত বহিব লাগিব। ইয়াৰ পৰা বাচনি কৰা প্ৰাৰ্থীসকলক পিছত আন এক সাক্ষাৎকাৰৰ বাবে মতা হ’ব, নিৰ্বাচিত প্ৰাৰ্থীক সাক্ষাৎকাৰৰ দিন আৰু সময় ই-মেইল যোগে জনোৱা হ’ব।

উক্ত সাক্ষাৎকাৰত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচিত কৰা হ’ব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৫ জুলাই সন্ধিয়া ৫ বজাৰ ভিতৰত এই লিংকত গৈ গুগল ফৰ্মৰ জৰিয়তে আৱেদন কৰিব পাৰে – (https://forms.gle/7ePXLjrP43Y9KjMu7)

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply