নিউজ ডেস্ক: অসম কৃষি বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা এটা পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। AICRP-WIA প্ৰকল্পৰ অধীনত সৃষ্টি হোৱা পদটোৰ নাম হৈছে – Young Professional-II।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতপ্ৰাপ্ত বিশ্ববিদ্যালয় / প্ৰতিষ্ঠানৰ পৰা Food Science & Nutrition বা Family Resource Management & Consumer Science-ত বিশেষ বিষয় হিচাপে লৈ গৃহ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

কম্পিউটাৰ এপ্লিকেশ্বনত দক্ষতা থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

দৰমহা : প্ৰতি মাহে ৩৫,০০০/- টকা

বয়সৰ সীমা : ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব

বাছনি প্ৰক্ৰিয়া: অহা ২ আগষ্টৰ পুৱা ১১ বজাৰ পৰা যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য বিজ্ঞান আৰু পুষ্টি বিভাগৰ AICRP পৰীক্ষাগাৰত walk-in-interview অনুষ্ঠিত হ’ব।

আগ্ৰহী প্ৰাৰ্থীসকলে ওপৰত উল্লেখ কৰা তাৰিখ আৰু সময় অনুসৰি সাক্ষাৎকাৰ গ্ৰহণৰ ঠিকনাত উপস্থিত হৈ নিজৰ বায়’ ডাটা আৰু ছেল্ফ এটেছটেড প্ৰমাণপত্ৰ তথা অন্যান্য প্ৰয়োজনীয় নথিৰ প্ৰতিলিপিৰ সৈতে উকা কাগজত পেপাৰত আবেদন কৰিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – ফেক্ট-চেক: দেশৰ সকলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব স্মাৰ্টফোন?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply